Show/Hide Keyboard Layout

স্নেহে আমাৰ

- ভূপেন হাজৰিকা

স্নেহে আমাৰ শত শ্ৰাৱনৰ

ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে

যৌৱন-বাসনাৰ ৰিক্তোপকূল

পূৰ্ণ কৰে উন্মত্ত বানে ।

 

নিৰ্জ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি

উচ্ছল জীৱনৰ জোৱাৰ আনে

অপৰূপ বাৰিষাৰ তৰঙ্গ ৰাশিয়ে

নাচে নৱ সৃষ্টিৰ গানে ।

 

বিদ্যুৎক্ষিপ্ৰ নয়নে তোমাৰ

মৌন ভাষাৰ উন্মাদনা সানে

নিশ্বাসে মোৰ আশাৰ আশ্বাসত

তৃপ্তিৰ পৰিধি নেমানে

তৃপ্তিৰ পৰিধি নেমানে ।

 

প্ৰীতি-দিগবলয়ত গতিশীল গীত গাঁও

বজ্ৰৰ গৰ্জ্জনে হাৰ মানে

বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায়

আমাৰ দৃষ্টিয়েও লক্ষ্য জানে ।

Hits: 2110